Posts

Showing posts from September, 2025
কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য – এক অবহেলিত বাস্তৱতা মানুহে জীৱন যাত্ৰাত বিভিন্ন পৰ্যায় অতিক্ৰম কৰি আগবঢ়ে, য’ত বিভিন্ন পৰ্যায়ৰ অভিজ্ঞতাই ব্যক্তিত্বৰ গঠন কৰে। শৈশৱ হৈছে সৰলতা, নিষ্কলুষতা আৰু খেলা-ধেমালিৰ সময়, আৰু  যৌৱন হ’ল দায়িত্ব, স্বপ্ন আৰু কষ্টসাধ্য বাস্তৱতাৰ অধ্যায়। এই দুয়োটাৰ মাজত কিশোৰ অৱস্থা এক সেতুৰ দৰে, য’ত শাৰীৰিক, মানসিক আৰু সামাজিক পৰিৱৰ্তন একেলগে সংঘটিত হয়। এই সময়ত কিশোৰ-কিশোৰীয়ে নিজকে চিনিবলৈ, পৰিচয় গঢ়িবলৈ আৰু ভবিষ্যৎ নিৰ্ধাৰণ কৰিবলৈ সচেষ্ট হয়। কিন্তু এই পৰিৱৰ্তনশীল যুগত যদি মানসিক স্বাস্থ্যক সঠিকভাৱে যত্ন কৰা নহয়, তেন্তে কিশোৰ জীৱন হতাশা, দ্বন্দ্ব আৰু অস্থিৰতাৰ গৰ্ভত পৰিণত হয়। আজিৰ সমাজত কিশোৰ-কিশোৰীয়ে বহুমুখী চাপৰ সন্মুখীন হৈছে—পৰীক্ষাৰ ফলাফলৰ ভয়, সামাজিক মাধ্যমৰ আসক্তি আৰু তুলনাৰ সংস্কৃতি, বন্ধু-বান্ধৱীৰ প্ৰভাৱ, অভিভাৱকৰ অতিমাত্ৰ আশা—এই সকলোবোৰে তেওঁলোকৰ মানসিক সুস্থতাত গভীৰ প্ৰভাৱ পেলাইছে। শাৰীৰিক অসুখ ধৰা পৰিলেহে ডাক্তৰৰ কাষলৈ দৌৰো, কিন্তু মানসিক যন্ত্ৰণা প্ৰায়ে অদৃশ্য হৈ সমাজৰ পৰা উপেক্ষিত হৈ পৰে। ফলত বহু কিশোৰে নিজৰ অন্তৰৰ বেদনাক একাকীয়ে বহ...