Fairwel of Class X
বিদায় সভা (দশম শ্ৰেণী) শ্ৰদ্ধাৰ আজি ৰ বিদায়ী সভাৰ সভাপতি মহোদয়ৰ প্ৰমুখ্যে উপস্থিত মোৰ শিক্ষাগুৰুসকল,মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অভিভাৱক সকল আৰু কণ কণ মইনা মইনী সকল, জয় জয়তে মই সকলোলৈকে আন্তৰিক শ্ৰদ্ধা ও শুভেচ্ছা জ্ঞাপন কৰিছো। ১। সভাখন কিয় আয়োজন কৰা হৈছে :- আমি সকলোৱে ই জ্ঞাত যে আজি বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক আনুষ্ঠানিকভাৱে বিদায় জনাবলৈ লগতে আগন্তুক শিক্ষান্ত পৰীক্ষাৰ বাবে তেওঁলোকক শুভেচ্ছা জনাবলৈকে এই সভাখনৰ আহ্বান কৰা হৈছে। ২। বিদায় শব্দৰ তাৎপৰ্য ও স্মৃতি ৰোমন্থন :- এতিয়া কথা হ'ল কি বিদায় বুলি কলে আমাৰ সকলোৰে বেয়া লাগে, দুখ লাগে,আমি আবেগিক হৈ পৰোঁ । কিয়নো এই বিদায় লবলগীয়া দিনটোত আমাক আগন্তুক দিনৰ স্মৃতি বিলাকে বৰকৈ আমনি কৰে, আজি তোমালোকৰ ও হয়তো পুৰণি দিন বিলাকলৈ বৰকৈ মনত পৰিছে। বিদায় লবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ হয়তো আজি মনত পৰিছে কেনেকৈ সহপাঠী তথা অন্যান্য ছাত্ৰ-ছাত্ৰীসকলৰ লগত কথা পাতিছিল, খেল খেলিছিল, ধেমালি কৰিছিল আৰু সময়বিলাক অতিবাহিত কৰিছিল। কিন্তু চিৰন্তন সত্যটো হ'ল যে...