Fairwel of Class X
বিদায় সভা (দশম শ্ৰেণী)
শ্ৰদ্ধাৰ আজি ৰ বিদায়ী সভাৰ সভাপতি মহোদয়ৰ প্ৰমুখ্যে উপস্থিত মোৰ শিক্ষাগুৰুসকল,মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অভিভাৱক সকল আৰু কণ কণ মইনা মইনী সকল, জয় জয়তে মই সকলোলৈকে আন্তৰিক শ্ৰদ্ধা ও শুভেচ্ছা জ্ঞাপন কৰিছো।
১। সভাখন কিয় আয়োজন কৰা হৈছে :- আমি সকলোৱে ই জ্ঞাত যে আজি বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক আনুষ্ঠানিকভাৱে বিদায় জনাবলৈ লগতে আগন্তুক শিক্ষান্ত পৰীক্ষাৰ বাবে তেওঁলোকক শুভেচ্ছা জনাবলৈকে এই সভাখনৰ আহ্বান কৰা হৈছে।
২। বিদায় শব্দৰ তাৎপৰ্য ও স্মৃতি ৰোমন্থন :- এতিয়া কথা হ'ল কি বিদায় বুলি কলে আমাৰ সকলোৰে বেয়া লাগে, দুখ লাগে,আমি আবেগিক হৈ পৰোঁ । কিয়নো এই বিদায় লবলগীয়া দিনটোত আমাক আগন্তুক দিনৰ স্মৃতি বিলাকে বৰকৈ আমনি কৰে, আজি তোমালোকৰ ও হয়তো পুৰণি দিন বিলাকলৈ বৰকৈ মনত পৰিছে। বিদায় লবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ হয়তো আজি মনত পৰিছে কেনেকৈ সহপাঠী তথা অন্যান্য ছাত্ৰ-ছাত্ৰীসকলৰ লগত কথা পাতিছিল, খেল খেলিছিল, ধেমালি কৰিছিল আৰু সময়বিলাক অতিবাহিত কৰিছিল। কিন্তু চিৰন্তন সত্যটো হ'ল যে জন্ম হ'লে এদিন মৃত্যু হবই, আৰু আহিলে যাবও লাগিব। তোমালোক ও এদিন আহিছিলা, এই বিদ্যালয়ত নামভৰ্তি কৰিছিলা,এতিয়া যাব ওলাইছা । আৰু আমি অনিচ্ছা স্বত্তেও আনুষ্ঠানিকতা ৰক্ষা কৰি বিদায় দিবলৈ প্ৰস্তুত হৈছো। কাৰণ ইতিমধ্যে তোমালোকৰ হাইস্কুলীয়া শিক্ষাবৰ্ষ ৰ অন্ত পৰিছে। কিন্তু তোমালোক সদায় আমাৰ অন্তৰত থাকিবা, আমি তোমালোকক অন্তৰৰ পৰা বিদায় দিব নোৱাৰো। আমি বিভিন্ন ক্ষেত্ৰত এই বিদ্যালয়ত তোমালোকক ভৱিষ্যতেও লগ পাই থাকিম ।
৩। শিক্ষক হিচাপে প্ৰশংসা,হিতোপদেশ আৰু তেওলোকৰ পৰা আমি কি বিচাৰো :- শিক্ষক হিচাপে মই সদায় তোমলোকক প্ৰশংসা কৰো। তোমালোকৰ পৰা যথেষ্ট আদৰ-সন্মান পাইছো, সেইখিনি আমি পাহৰিব নোৱাৰো। ভৱিষ্যতেও তোমালোকৰ পৰা ভাল কথা বাৰ্তা, আচাৰ ব্যৱহাৰ বিচাৰো। কিন্তু আজিকালি এটা কথা দেখিবলৈ পোৱা গৈছে যে ছাত্ৰ ছাত্ৰী সকল কলেজ পোৱাৰ লগে লগেই ডাঙৰ মানুহ হৈ পৰে, আগৰ শিক্ষকজন কাম নাইকীয়া হৈ পৰে আৰু সন্মান ও নকৰে। মাত এটা মাতিবলৈও সময়ৰ অভাৱ। তদুপৰি দেখা পোৱা যায় যে শিক্ষক জনৰ ওচৰতে লগৰ দুই এজনৰ লগত অবাইচ শব্দ কৈ কৈ কথা বাৰ্তা কৰি আছে, চিগাৰেট হুপি আছে, পেকেট নে কি সেইবোৰ জোকাৰি আছে আৰু শিক্ষক জনে সেইকখিনিত চকু থাকিও অন্ধ হৈ থাকিব লগীয়া হৈছে, কিয়নো এতিয়া আপোনি আমাৰ শিক্ষক নহয়,সেয়ে আমি গণ্য ও নকৰো আৰু কবলৈ ও ভয় কিয়নো যদি কয় নিজৰ ইনকাম ৰ পইচাই খাইছো, তই কবলৈ কোন, তেতিয়াতো কবলৈ ৰাস্তা নাই আৰু কৈ লাজ পোৱাহে হব। গতিকে তোমালোক ক আমি তেনেকোৱা হোৱাতো বিচৰা নাই, তোমালোক ভাল মানুহ হোৱা। তোমালোকেই হৈছা ভৱিষ্যতৰ দেশৰ ধৰণীস্বৰূপ। আমি বিচাৰো তোমালোকৰ মাজৰ পৰাই একো একোজন ডক্টৰ হওক, উকিল হওক, Apsc officer হওক আৰু আমাৰ বিদ্যালয়ৰ লগতে, অঞ্চলটোৰ লগতে জিলাখনৰ নাম উজ্জ্বল হওক ।
৪। পৰীক্ষা সম্পৰ্কত এষাৰ :- এতিয়া পৰীক্ষা ৰ সম্পৰ্কলৈ আহিছো। তোমালোকে নিশ্চয় গম পাইছা, এইবাৰ পৰীক্ষা 2021 চন ৰ প্ৰশ্নকাকতৰ জৰিয়তেই হব। তোমালোকৰ ২১-২২ ৰ চিলেবাচত বিজ্ঞান,অংক এইবিলাক বিষয়ত একেই আছে। কিন্তু ইংংৰাজী বিষয়ত এটা কবিতা ২১ বৰ্ষত বেছিকৈ আছে। সেইটো ২২ বৰ্ষৰ চিলেবাচত নাছিল। সেয়ে মই দুই এজন ছাত্ৰৰ ঘৰলৈ গৈ শিকাই বুজাই দিছো। কিন্তু সকলোৰে ঘৰলৈ যোৱটো এইকেইদিনত সম্ভৱ নহয় , সেয়ে Whaatsapp group তেই এইটো কবিতাৰ প্ৰস্নোত্তৰ বিলাক দি দিম, তোমালোকে লিখি লবা।
৫। বিদায় ও পৰীক্ষাৰ শুভেচ্ছা :- শেষত তোমালোকক আগন্তুক শিক্ষান্ত পৰীক্ষাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলো। ভালকৈ পঢ়া শুনা কৰা, ভালকৈ পৰীক্ষা দিবা। লগতে আজিৰ দিনটোত তোমালোকক আমি আনুষ্ঠানিক ভাৱে বিদায় জনাইছো। তোমালোক ক শিক্ষাদান কৰোতে যদি কৰবাত ক্ৰোটি ৰ সন্মূখীন হৈছিলো বা যদি তোমালোকৰ ভালৰ বাবে হকে বা বিহকে কিবা কটু শব্দ বা বাক্য যদি প্ৰয়োগ কৰিছিলো, সেইখিনি আজিৰে পৰা পাহৰি যাবা বুলি আশা ৰাখি সকলোলৈকে পুনৰ বাৰ শ্ৰদ্ধা জ্ঞাপন কৰি আজিলৈ ইমানতে মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো।
**********************************************
Comments
Post a Comment