Posts

Showing posts from April, 2022

হুচৰি

 গৰু বিহুৰ গধুলি হুচৰি গায়, গৃহস্থই ৰাইজক সেৱা জনাই, আমি সবে মিলি হুচৰি জুৰিছো; বছৰটি যেন কুশলে যায় মোৰ আই অ, বছৰটি যেন কুশলে যায়। ইঘৰে সিঘৰে হুছৰি গায়;হুচৰিৰ  তুলনা পাবলৈ নাই;  ৰাইজৰ পদধুলাই পবিত্ৰ কৰিলে, চৌদিশে ৰজনজনাই মোৰ আই অ,চৌদিশে ৰজনজনাই, কিনো অসমীয়াৰ; বিহুতি আহিলে, গৰু চালে লগালে মাত,গাৱৰ ঘৰে ঘৰে ঢোল পেপাঁ‌ বাজিলে, বিহু বিহু লাগিলে গাত মোৰ আই অ; বিহু বিহু লাগিলে গাত। তেতেলী তলতে কৰো কাঠি কামি; পাহৰি আহিলো কুচি অ গোবিন্দাই ৰাম, কুচিৰে লগতে পগলাই কিলালে ঘৰলৈ আহিলো গুচি ঐ গোবিন্দাই ৰাম। হুচৰি এ দলৌ চৰাই, আমি যে আহিছো হুচৰি গায়।২ হুচৰি এ ধান খেৰৰ চাই, অতি চেনেহৰে বহাগৰ বিহুটি হাততে মৰহি যায়। অ ওপৰে উৰি গ'ল বৰদৈ চিলনি, তলতে ঘূৰিছো আমি হেই। হুচৰি গোৱা ল'ৰাহতক কিনো দিব পাই;অ কি নো দিব পাই, আগে পাছে নিয়ম আছে চেলেং পাই। হুচৰি সামৰি ভকত হ'ল আজৰি, চেলেং চাদৰ খনি লৈয়ে হেই।২