হুচৰি
গৰু বিহুৰ গধুলি হুচৰি গায়, গৃহস্থই ৰাইজক সেৱা জনাই, আমি সবে মিলি হুচৰি জুৰিছো; বছৰটি যেন কুশলে যায় মোৰ আই অ, বছৰটি যেন কুশলে যায়।
ইঘৰে সিঘৰে হুছৰি গায়;হুচৰিৰ তুলনা পাবলৈ নাই; ৰাইজৰ পদধুলাই পবিত্ৰ কৰিলে, চৌদিশে ৰজনজনাই মোৰ আই অ,চৌদিশে ৰজনজনাই,
কিনো অসমীয়াৰ; বিহুতি আহিলে, গৰু চালে লগালে মাত,গাৱৰ ঘৰে ঘৰে ঢোল পেপাঁ বাজিলে, বিহু বিহু লাগিলে গাত মোৰ আই অ; বিহু বিহু লাগিলে গাত।
তেতেলী তলতে কৰো কাঠি কামি; পাহৰি আহিলো কুচি অ গোবিন্দাই ৰাম,
কুচিৰে লগতে পগলাই কিলালে ঘৰলৈ আহিলো গুচি ঐ গোবিন্দাই ৰাম।
হুচৰি এ দলৌ চৰাই, আমি যে আহিছো হুচৰি গায়।২
হুচৰি এ ধান খেৰৰ চাই, অতি চেনেহৰে বহাগৰ বিহুটি হাততে মৰহি যায়।
অ ওপৰে উৰি গ'ল বৰদৈ চিলনি, তলতে ঘূৰিছো আমি হেই।
হুচৰি গোৱা ল'ৰাহতক কিনো দিব পাই;অ কি নো দিব পাই,
আগে পাছে নিয়ম আছে চেলেং পাই।
হুচৰি সামৰি ভকত হ'ল আজৰি, চেলেং চাদৰ খনি লৈয়ে হেই।২
Comments
Post a Comment